Monday, 27 March 2017


শুভ লক্ষ্মী 



শুভ লক্ষ্মীৰ সাহসী পদক্ষেপৰ পিছত দুই প্ৰকাৰৰ মতামত সততে শুনা গৈছে । এক, ছোৱালী জনীয়ে/ ছোৱালী সকলে নিজৰ নিৰাপত্তাৰ ব্যৱস্থা নিজে কৰিব লাগিব । চুৰি, কটাৰী জলকীয়া গুড়ি আদি নিজৰ লগত ৰাখি নিজে শক্তিশালী হৈ লব লাগিব । দুই, স্বাভাৱিক ধৰণেই আৰ এছ এছ শিৱীৰৰ কিছুমানে প্ৰচাৰ কৰিব বিচাৰিছে যে এয়া এক “বাওপন্থী সকলৰ ষড়যন্ত্ৰ”
দ্বিতীয় ধৰনৰ কথা বোৰ একেবাৰেই ভিত্তীহীন । কিয়নো আন্দোলনকাৰী সকলৰ ভিতৰত এছ এফ আই যিমান আছিল তাতকৈ বেছি আছিল জগন্নাথ বৰুৱা মহবিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু দেৱী চৰন মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ নেতৃত্ত্বত অহা ছাত্ৰী আৰু ছাত্ৰ । গতিকে এইবোৰ অপপ্ৰচাৰ বিশেষ একো আলোচনাৰ যোগ্য নহয় । এনেয়েও সাপেহে সাপৰ ঠেং দেখে । নিজেই ষড়যন্ত্ৰকাৰী হ’লে সকলোতে ষড়যন্ত্ৰৰ মৰিচীকা দেখিবই ।
কিন্তু প্ৰথম ধৰণৰ মতামতে আকৌ কিছু আলোচ্য বিষয় তুলি ধৰিছে । দিল্লীৰ নিৰ্ভয়া কাণ্ডৰ পিছতো খঙত, আবেগত বহুতে কৈছিল যে ধৰ্ষণ কাৰী সকলক ফাচী দিব লাগে বা তাহাতৰ লিঙ্গ কাটি পেলাব লাগে । কিন্তু সেয়া সমস্যাৰ সমাধানতো নহয়েই বৰঞ্চ সেয়া সমস্যাৰ মুলহে । কিয়নো যদি নাৰী নিৰ্যতনৰ ঘটনাৰ সমাধান ৰুপে লিঙ্গ কাটি পেলোৱাৰ কথা যি সকলে কৈছিল তেওলোকে ভাবে যে সমস্যাটো লিঙ্গতহে । কিন্তু আচলতে যে সমস্যাটো যে মানুহৰ একপ্ৰকাৰৰ মানসিকতাতহে যি মানসিকতাৰ নাম পুৰুষতান্ত্ৰীকতা, সেই কথা কৰোবাত পৰি থকিল ।তেওঁলোকে বুজিয়েই নাপালে যে পুৰুষতান্ত্ৰীকতা লিঙ্গত নাথাকে । আৰু এইদৰে পুৰুষতান্ত্ৰীকতাৰ সমস্যাটোক কেইজন মানু পুৰুষৰ বিকৃত জৈৱীক তাড়নাৰ সমস্যা বুলি চিহ্নিত কৰি এক প্ৰকাৰে পুৰুষতান্ত্ৰীকতাক ৰক্ষণাবেক্ষন দিয়া হে হয় ।
যি সকলে শুভলক্ষ্মী বা আন যিকোনো ছোৱালীক নিজক ৰক্ষাৰ বাবে লগত চুৰি কটাৰী ৰখা, মাৰ্চিয়েল আৰ্ত/ সমৰ কলা শিকা আদি পৰামৰ্শ দিছে তেওলোকে হয়তো শুদ্ধ মনেৰে ভাল ভাবিয়েও পৰামৰ্শ দিছে । কিন্তু বাটলৈ ওলায় আহি অন্দোলন আদি কৰাৰ সলনি এইবোৰ হে আচলতে ‘প্ৰেক্টিকেল’ আৰু বৈজ্ঞানীক সমাধান বুলি ভবাটো কেৱল ভুলেই নহয় পুৰুষতান্ত্ৰীকতাক ৰক্ষনাবেক্ষণকাৰীও।
এই পৰামৰ্শৰ অৰ্থ এয়াই যে তেওলোকে অজান্তেই নিজৰ মনতো পুহি ৰাখিছে যে নাৰী সকল আচলতে (By Default) দুৰ্বল আৰু নাৰী সকলক সবল বা শক্তিশালী হবলৈ অতিৰিক্ত ভাৱে কিবা অস্ত্ৰ লগত ৰাখিব লাগিব নাইবা সমৰ কলা শিকিব লাগিব । সেই ল’ৰা কেইজন অস্ত্ৰ ধাৰী নহওক, সমৰ কলাও নাজানক কিন্তু যিহেতু তেওলোক দুষ্ট পুৰুষ সেইকেইজনৰ পৰা ৰক্ষা পবলৈ ‘দুৰ্বল নাৰী’ য়ে অস্ত্ৰ লব লাগিব । (কিন্তু ল’ৰা কেইজন যদি তাইতকৈ ও দাঙৰ অস্ত্ৰ লৈ আহে, নাইবা সমৰ কলাত তাইতকৈও পাৰ্গত হয়?)
এইদৰে পুৰুষতান্ত্ৰীকতাৰ সমস্যাটোক শাৰিৰীক শক্তিৰ সমস্যালৈ অৱনমিত কৰি পুৰুষতান্ত্ৰীকতাক ৰক্ষণাবেক্ষন দিয়া হে হয় । সমস্যাটো কেৱল কেইজন মান উদন্দ ল’ৰাৰ অসভ্যালিয়েই নহয় । এই কথাও সমস্যা নহয় নে যে ইমান দিনে বহু ছোৱালীয়েই মনে মনে আছিল ? তাৰে বহুতকেই হয়তো সৰুৰ পৰাই মক দেউতাকেই শিকাইছিল “এইবোৰ কথাত লাগি থাকিব নালাগে”, “কিবা কৈ নিজক বচাই ৰাখি চলি থাকিব লাগে” “ ছোৱালী হলে এইবোৰ থাকেই” ইত্যাদি ইত্যাদি । সমস্যাটো এই কথাও নহয়নে যে ঘৰত দেৰিকৈ গ’লে মাক দেউতাকে গালি শপনি পাৰে? আৰু দিনে ৰাতি টি ভিৰ চিৰিয়েল বোৰে যে মা দেউতা হতক শিকায় থাকে “আদৰ্শ বোৱাৰী” আৰু “ভাল ছোৱালী” সেই সকল হে যি সময় মতে ঘৰত আহে, এই চিৰিয়েল বোৰ সমস্যা নহয় নে? আৰু সেই হিন্দী চিনেমা বোৰ যি সেই উদ্বন্দ ল’ৰা বোৰক শিকাইছে ‘না মে তো হা হোতা হে ত্বত্ত্ব’ ?? আমাৰ সমাজত বেছি ভাগ পুৰুষতান্ত্ৰীক কাম মৰমৰ চলেৰেও কৰোৱা হয় ‘I love you, Now give me a cup of tea’ ধৰণেৰে । ইয়াৰে কাক কাক চুৰিৰে আঘাত কৰিব বা চকুত জলকীয়া গুৰি পেলাব? অপৰাধী কেইজন অহাকালি ধৰা পৰি শাস্তি হলেও কিন্তু উক্ত প্ৰশ্ন বোৰ ৰৈ যাব । এই প্ৰত্যেক টো প্ৰশ্নই সামাজিক প্ৰশ্ন । আৰু সেই সুত্ৰে ৰাজনৈতিকো ।
অপৰাধী কেইজনে শাস্তি নিশ্চয় পাব লাগে । কোনোবা ছোৱালীয়ে আত্মৰক্ষাৰ বাবে সমৰ কলা শিকাতো আপত্তিজনক একো নাই । কিন্তু মৌলিক কথাটো হ’ল সকলো নাৰীৰ মনতে সাহসৰ সৃষ্টি কৰা । নাৰী ৰুপে নিজৰ সন্মান ৰক্ষাৰ সাহস, তাত কৈ ও উৰ্দ্ধত মানুহ হিচাপে যিকোনো অত্যাচাৰ নিৰৱে সহ্য নকৰাৰ সাহস । মানুহৰ মনলৈ এই সাহস আহে সংগঠিত হলেহে ।
হয়টো প্ৰতিজনী ছোৱালীয়েই সন্ধিয়া ৬/৭ তাৰ পিছত ঘৰ সোমালে মাকৰ ৰঙা চকুৰ সন্মুখিন হব লগীয়া হয় । কিন্তু কালি হয়টো দিনটো যোৰহাট চহৰৰ বুকু আৰু ডি চি অফিচৰ মচনদ কপাই ঘৰ সোমাওতে যদি কোনোবা জনী ছোৱালীৰ ৮ টা ও বাজি গৈছে পথৰ ধুলি বালিৰে হয়টো কোনোবা জনীৰ চকু ৰঙা পৰি আছিল কিন্তু মাকৰ চকু অলপ হলেও গৰ্ব বোধ আছিল তেওঁ জীৱন ভৰ যি সাহস গোটাব নোৱাৰিলে জীয়েকে কৰি দেখুৱালে । শুভ লক্ষ্মী আৰু এই আন্দোলনৰ সফলতা সেই খিনিত ।


সত্ৰাধিঅকাৰৰ ব্ৰাহ্মণ্যবাদ  


কোনোবা সত্ৰাধিকাৰে হেনো কৈছে অসমৰ উচ্চজাতিৰ ল'ৰা ছোৱালীয়ে নিম্নজাতিৰ ল'ৰা বা ছোৱালীৰ লগত বিয়া হব নালাগে । বাৰু "এক শৰণ ভাগৱত" ধৰ্মী সকলৰ "বহু শৰণ ভাগৱত" ধৰ্মলৈ এই যাত্ৰা যে নাগপুৰৰ গেৰুৱা বাটৱৰেই হৈছে বুজাই গৈছে । পিছে মহাশয়ে উচ্চজাতি মানে কাক বা বুজালে । বোধ হয় ব্ৰাহ্মণ খিনিকেই কৈছে । পিছে কোন খিনি ব্ৰাহ্মণ বা ? মানে বামুনৰো ভাগ আছে নহয় । অসমত ব্ৰাহ্মণ সকলৰ মুল উৎস দুটা । ১, আহোম ৰজাই হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পিছত মন্দিৰ বোৰত পুজা পাৰ্বন কৰিবৰ বাবে বৰ্তমানৰ উত্তৰ ভাৰতৰ পৰা ব্ৰাহ্মণ আমদানি কৰিছিল । এওলোকৰ উত্তৰসুৰী সকলৰ ঘৰত সাধাৰণতে বংশাৱলী এখন পোৱা যায় ২, ৰজা নৰণাৰায়নে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পিছত আহোম ৰাজ্য আক্ৰমণ কৰাৰ সময়ত আহোম সেনাপতিয়ে মানুহ কিছুমান ধৰি আনি গা ত 'ব' সুতাৰ লগুন পিন্ধাই যুদ্ধৰ একেবাৰে প্ৰথম শাৰিত গৰুৰ ওপৰত বহুৱাই পঠিয়াই দিছিল । গৰু আৰু ব্ৰাহ্মণ এটাকো মাৰিলে পাপ লাগিব বুলি নৰণাৰায়ণৰ সেনা যুদ্ধ এৰি গুছি গ'ল । পিছত চতুৰালি বুজি আকৌ আক্ৰমণ কৰিলে বাৰু । কিন্তু ইতিমধ্যে বামুন হোৱাৰ সুযোগ পাই সেই খিনি মানুহ নামনি অসমতে ৰৈ গ'ল । মানে অসম আক্ৰমণ কৰাৰ সময়তো বহুতে প্ৰাণৰ ভয়ত এইদৰে নকল বামুন হৈছিল বুলি শুনা যায় । গতিকে কোনো ব্ৰহ্মণৰ ঘৰত যদি বংশাৱলী নাই তেওঁলোক আচল বামুন হয়নে বুলি সন্দেহ এটা মনৰ ভিতৰতে কৰিব পাৰে ।
আনহাতে "মিশ্ৰ" আৰু "গোশ্বামী" উপাধিৰ বামুন খিনিক ধৰা হয় কুলিন ব্ৰাহ্মন বুলি । এওলোকে আনক শৰণ দিব পাৰে । এওলোকে মানুহ ঢুকালে দহা কাজ নকৰে । আনহাতে শৰ্মা, ভট্টচাৰ্য আদি উপাধিৰ খিনি হ'ল তেওঁলোকতকৈ সামান্য নিম্ন খাপৰ ।
এওলোকে দহা কাজ কৰে । এতিয়াও ধৰ্মান্ধ কোনো কুলিন ব্ৰাহ্মণৰ ঘৰৰ অইন ব্ৰাহ্মণৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰাৰ সময়ত "দহা কৰা বামুন নে নকৰা" এই প্ৰশ্ন উত্থাপিত হয় । আকৌ নামনিৰ বামুনে মুৰ্গি মাংস নাখায় । খালে অসুচি হোৱা বুলি ভাবে । উজনিৰ বামুনে খায় ।
আকৌ অসমৰ কেইবাটাও OBC স্বিকৃতীপ্ৰাপ্ত জনগোষ্ঠীৰো নিজশ্ব বামুন আছে । যেনে নাথ সকলৰ নিজস্ব বামুন আছে । বামুন হলেও OBC । এতিয়া এই অ' বি চি বামুনৰ লগত দহা নকৰা বামুনৰ বিয়া হব পাৰিবনে অলপ স্পষ্ট কৰি দিলে ভাল আছিল ।
By the way যাজ্ঞবল্ক ঋষিৰ শাস্ত্ৰৰ মতে হেনো বামুন সি যি জ্ঞান অৰ্জন বিতৰণ আৰু চৰ্চা কৰে । গতিকে শিক্ষক অৰু গৱেষক সকলহে বামুন । কায়িক শ্ৰম (চাকৰি )কৰা সকল সুদ্ৰ । ব্যৱসায় কৰা সকল বৈশ্য । জাতি জন্ম মতে নহয় কৰ্ম মতেহে । সেইবাবেই বিশ্বামিত্ৰ ও ব্ৰাহ্মণ হব পাৰিছিল । গতিকে নিজে বামুন বামুন বুলি কোনোবাই চেলবেলায় থাকিলে এই প্ৰশ্ন সোধা উচিত তেখেতে কৰে কি ? যদি চাকৰি বা ব্যৱসায় হে কৰে তেও কেনেকৈ বামুন হল ?
বিঃ দ্ৰঃ মই ব্ৰাহ্মণ নহয় । মই একমাত্ৰ মানুহ । জীৱনত যদি ভালকৈ "মানুহ" হব পাৰো সেয়াই যথেষ্ট ।

Wednesday, 8 February 2017





Since, September 2016, Assam government has been evicting mostly erosion induced IDPs living in char-chapori and government lands . The government has so far evicted at least 20,886 number of people without any compensation and rehabilitation. 




Download Link  





This brief note is a small extraction from a upcoming book  on social history and contemporary political, social and economic crisis of  Char Chapori dwellers of Assam. 







This Note or any part of it should not be used without referring the authors. 




Remembering Hijam Irabot Singh              Hijam Irabot was a promethean figure of Manipur who was a foremost cultural persona...