Monday, 27 March 2017


শুভ লক্ষ্মী 



শুভ লক্ষ্মীৰ সাহসী পদক্ষেপৰ পিছত দুই প্ৰকাৰৰ মতামত সততে শুনা গৈছে । এক, ছোৱালী জনীয়ে/ ছোৱালী সকলে নিজৰ নিৰাপত্তাৰ ব্যৱস্থা নিজে কৰিব লাগিব । চুৰি, কটাৰী জলকীয়া গুড়ি আদি নিজৰ লগত ৰাখি নিজে শক্তিশালী হৈ লব লাগিব । দুই, স্বাভাৱিক ধৰণেই আৰ এছ এছ শিৱীৰৰ কিছুমানে প্ৰচাৰ কৰিব বিচাৰিছে যে এয়া এক “বাওপন্থী সকলৰ ষড়যন্ত্ৰ”
দ্বিতীয় ধৰনৰ কথা বোৰ একেবাৰেই ভিত্তীহীন । কিয়নো আন্দোলনকাৰী সকলৰ ভিতৰত এছ এফ আই যিমান আছিল তাতকৈ বেছি আছিল জগন্নাথ বৰুৱা মহবিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু দেৱী চৰন মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ নেতৃত্ত্বত অহা ছাত্ৰী আৰু ছাত্ৰ । গতিকে এইবোৰ অপপ্ৰচাৰ বিশেষ একো আলোচনাৰ যোগ্য নহয় । এনেয়েও সাপেহে সাপৰ ঠেং দেখে । নিজেই ষড়যন্ত্ৰকাৰী হ’লে সকলোতে ষড়যন্ত্ৰৰ মৰিচীকা দেখিবই ।
কিন্তু প্ৰথম ধৰণৰ মতামতে আকৌ কিছু আলোচ্য বিষয় তুলি ধৰিছে । দিল্লীৰ নিৰ্ভয়া কাণ্ডৰ পিছতো খঙত, আবেগত বহুতে কৈছিল যে ধৰ্ষণ কাৰী সকলক ফাচী দিব লাগে বা তাহাতৰ লিঙ্গ কাটি পেলাব লাগে । কিন্তু সেয়া সমস্যাৰ সমাধানতো নহয়েই বৰঞ্চ সেয়া সমস্যাৰ মুলহে । কিয়নো যদি নাৰী নিৰ্যতনৰ ঘটনাৰ সমাধান ৰুপে লিঙ্গ কাটি পেলোৱাৰ কথা যি সকলে কৈছিল তেওলোকে ভাবে যে সমস্যাটো লিঙ্গতহে । কিন্তু আচলতে যে সমস্যাটো যে মানুহৰ একপ্ৰকাৰৰ মানসিকতাতহে যি মানসিকতাৰ নাম পুৰুষতান্ত্ৰীকতা, সেই কথা কৰোবাত পৰি থকিল ।তেওঁলোকে বুজিয়েই নাপালে যে পুৰুষতান্ত্ৰীকতা লিঙ্গত নাথাকে । আৰু এইদৰে পুৰুষতান্ত্ৰীকতাৰ সমস্যাটোক কেইজন মানু পুৰুষৰ বিকৃত জৈৱীক তাড়নাৰ সমস্যা বুলি চিহ্নিত কৰি এক প্ৰকাৰে পুৰুষতান্ত্ৰীকতাক ৰক্ষণাবেক্ষন দিয়া হে হয় ।
যি সকলে শুভলক্ষ্মী বা আন যিকোনো ছোৱালীক নিজক ৰক্ষাৰ বাবে লগত চুৰি কটাৰী ৰখা, মাৰ্চিয়েল আৰ্ত/ সমৰ কলা শিকা আদি পৰামৰ্শ দিছে তেওলোকে হয়তো শুদ্ধ মনেৰে ভাল ভাবিয়েও পৰামৰ্শ দিছে । কিন্তু বাটলৈ ওলায় আহি অন্দোলন আদি কৰাৰ সলনি এইবোৰ হে আচলতে ‘প্ৰেক্টিকেল’ আৰু বৈজ্ঞানীক সমাধান বুলি ভবাটো কেৱল ভুলেই নহয় পুৰুষতান্ত্ৰীকতাক ৰক্ষনাবেক্ষণকাৰীও।
এই পৰামৰ্শৰ অৰ্থ এয়াই যে তেওলোকে অজান্তেই নিজৰ মনতো পুহি ৰাখিছে যে নাৰী সকল আচলতে (By Default) দুৰ্বল আৰু নাৰী সকলক সবল বা শক্তিশালী হবলৈ অতিৰিক্ত ভাৱে কিবা অস্ত্ৰ লগত ৰাখিব লাগিব নাইবা সমৰ কলা শিকিব লাগিব । সেই ল’ৰা কেইজন অস্ত্ৰ ধাৰী নহওক, সমৰ কলাও নাজানক কিন্তু যিহেতু তেওলোক দুষ্ট পুৰুষ সেইকেইজনৰ পৰা ৰক্ষা পবলৈ ‘দুৰ্বল নাৰী’ য়ে অস্ত্ৰ লব লাগিব । (কিন্তু ল’ৰা কেইজন যদি তাইতকৈ ও দাঙৰ অস্ত্ৰ লৈ আহে, নাইবা সমৰ কলাত তাইতকৈও পাৰ্গত হয়?)
এইদৰে পুৰুষতান্ত্ৰীকতাৰ সমস্যাটোক শাৰিৰীক শক্তিৰ সমস্যালৈ অৱনমিত কৰি পুৰুষতান্ত্ৰীকতাক ৰক্ষণাবেক্ষন দিয়া হে হয় । সমস্যাটো কেৱল কেইজন মান উদন্দ ল’ৰাৰ অসভ্যালিয়েই নহয় । এই কথাও সমস্যা নহয় নে যে ইমান দিনে বহু ছোৱালীয়েই মনে মনে আছিল ? তাৰে বহুতকেই হয়তো সৰুৰ পৰাই মক দেউতাকেই শিকাইছিল “এইবোৰ কথাত লাগি থাকিব নালাগে”, “কিবা কৈ নিজক বচাই ৰাখি চলি থাকিব লাগে” “ ছোৱালী হলে এইবোৰ থাকেই” ইত্যাদি ইত্যাদি । সমস্যাটো এই কথাও নহয়নে যে ঘৰত দেৰিকৈ গ’লে মাক দেউতাকে গালি শপনি পাৰে? আৰু দিনে ৰাতি টি ভিৰ চিৰিয়েল বোৰে যে মা দেউতা হতক শিকায় থাকে “আদৰ্শ বোৱাৰী” আৰু “ভাল ছোৱালী” সেই সকল হে যি সময় মতে ঘৰত আহে, এই চিৰিয়েল বোৰ সমস্যা নহয় নে? আৰু সেই হিন্দী চিনেমা বোৰ যি সেই উদ্বন্দ ল’ৰা বোৰক শিকাইছে ‘না মে তো হা হোতা হে ত্বত্ত্ব’ ?? আমাৰ সমাজত বেছি ভাগ পুৰুষতান্ত্ৰীক কাম মৰমৰ চলেৰেও কৰোৱা হয় ‘I love you, Now give me a cup of tea’ ধৰণেৰে । ইয়াৰে কাক কাক চুৰিৰে আঘাত কৰিব বা চকুত জলকীয়া গুৰি পেলাব? অপৰাধী কেইজন অহাকালি ধৰা পৰি শাস্তি হলেও কিন্তু উক্ত প্ৰশ্ন বোৰ ৰৈ যাব । এই প্ৰত্যেক টো প্ৰশ্নই সামাজিক প্ৰশ্ন । আৰু সেই সুত্ৰে ৰাজনৈতিকো ।
অপৰাধী কেইজনে শাস্তি নিশ্চয় পাব লাগে । কোনোবা ছোৱালীয়ে আত্মৰক্ষাৰ বাবে সমৰ কলা শিকাতো আপত্তিজনক একো নাই । কিন্তু মৌলিক কথাটো হ’ল সকলো নাৰীৰ মনতে সাহসৰ সৃষ্টি কৰা । নাৰী ৰুপে নিজৰ সন্মান ৰক্ষাৰ সাহস, তাত কৈ ও উৰ্দ্ধত মানুহ হিচাপে যিকোনো অত্যাচাৰ নিৰৱে সহ্য নকৰাৰ সাহস । মানুহৰ মনলৈ এই সাহস আহে সংগঠিত হলেহে ।
হয়টো প্ৰতিজনী ছোৱালীয়েই সন্ধিয়া ৬/৭ তাৰ পিছত ঘৰ সোমালে মাকৰ ৰঙা চকুৰ সন্মুখিন হব লগীয়া হয় । কিন্তু কালি হয়টো দিনটো যোৰহাট চহৰৰ বুকু আৰু ডি চি অফিচৰ মচনদ কপাই ঘৰ সোমাওতে যদি কোনোবা জনী ছোৱালীৰ ৮ টা ও বাজি গৈছে পথৰ ধুলি বালিৰে হয়টো কোনোবা জনীৰ চকু ৰঙা পৰি আছিল কিন্তু মাকৰ চকু অলপ হলেও গৰ্ব বোধ আছিল তেওঁ জীৱন ভৰ যি সাহস গোটাব নোৱাৰিলে জীয়েকে কৰি দেখুৱালে । শুভ লক্ষ্মী আৰু এই আন্দোলনৰ সফলতা সেই খিনিত ।

No comments:

Post a Comment

Remembering Hijam Irabot Singh              Hijam Irabot was a promethean figure of Manipur who was a foremost cultural persona...