Monday, 27 March 2017


শুভ লক্ষ্মী 



শুভ লক্ষ্মীৰ সাহসী পদক্ষেপৰ পিছত দুই প্ৰকাৰৰ মতামত সততে শুনা গৈছে । এক, ছোৱালী জনীয়ে/ ছোৱালী সকলে নিজৰ নিৰাপত্তাৰ ব্যৱস্থা নিজে কৰিব লাগিব । চুৰি, কটাৰী জলকীয়া গুড়ি আদি নিজৰ লগত ৰাখি নিজে শক্তিশালী হৈ লব লাগিব । দুই, স্বাভাৱিক ধৰণেই আৰ এছ এছ শিৱীৰৰ কিছুমানে প্ৰচাৰ কৰিব বিচাৰিছে যে এয়া এক “বাওপন্থী সকলৰ ষড়যন্ত্ৰ”
দ্বিতীয় ধৰনৰ কথা বোৰ একেবাৰেই ভিত্তীহীন । কিয়নো আন্দোলনকাৰী সকলৰ ভিতৰত এছ এফ আই যিমান আছিল তাতকৈ বেছি আছিল জগন্নাথ বৰুৱা মহবিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু দেৱী চৰন মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ নেতৃত্ত্বত অহা ছাত্ৰী আৰু ছাত্ৰ । গতিকে এইবোৰ অপপ্ৰচাৰ বিশেষ একো আলোচনাৰ যোগ্য নহয় । এনেয়েও সাপেহে সাপৰ ঠেং দেখে । নিজেই ষড়যন্ত্ৰকাৰী হ’লে সকলোতে ষড়যন্ত্ৰৰ মৰিচীকা দেখিবই ।
কিন্তু প্ৰথম ধৰণৰ মতামতে আকৌ কিছু আলোচ্য বিষয় তুলি ধৰিছে । দিল্লীৰ নিৰ্ভয়া কাণ্ডৰ পিছতো খঙত, আবেগত বহুতে কৈছিল যে ধৰ্ষণ কাৰী সকলক ফাচী দিব লাগে বা তাহাতৰ লিঙ্গ কাটি পেলাব লাগে । কিন্তু সেয়া সমস্যাৰ সমাধানতো নহয়েই বৰঞ্চ সেয়া সমস্যাৰ মুলহে । কিয়নো যদি নাৰী নিৰ্যতনৰ ঘটনাৰ সমাধান ৰুপে লিঙ্গ কাটি পেলোৱাৰ কথা যি সকলে কৈছিল তেওলোকে ভাবে যে সমস্যাটো লিঙ্গতহে । কিন্তু আচলতে যে সমস্যাটো যে মানুহৰ একপ্ৰকাৰৰ মানসিকতাতহে যি মানসিকতাৰ নাম পুৰুষতান্ত্ৰীকতা, সেই কথা কৰোবাত পৰি থকিল ।তেওঁলোকে বুজিয়েই নাপালে যে পুৰুষতান্ত্ৰীকতা লিঙ্গত নাথাকে । আৰু এইদৰে পুৰুষতান্ত্ৰীকতাৰ সমস্যাটোক কেইজন মানু পুৰুষৰ বিকৃত জৈৱীক তাড়নাৰ সমস্যা বুলি চিহ্নিত কৰি এক প্ৰকাৰে পুৰুষতান্ত্ৰীকতাক ৰক্ষণাবেক্ষন দিয়া হে হয় ।
যি সকলে শুভলক্ষ্মী বা আন যিকোনো ছোৱালীক নিজক ৰক্ষাৰ বাবে লগত চুৰি কটাৰী ৰখা, মাৰ্চিয়েল আৰ্ত/ সমৰ কলা শিকা আদি পৰামৰ্শ দিছে তেওলোকে হয়তো শুদ্ধ মনেৰে ভাল ভাবিয়েও পৰামৰ্শ দিছে । কিন্তু বাটলৈ ওলায় আহি অন্দোলন আদি কৰাৰ সলনি এইবোৰ হে আচলতে ‘প্ৰেক্টিকেল’ আৰু বৈজ্ঞানীক সমাধান বুলি ভবাটো কেৱল ভুলেই নহয় পুৰুষতান্ত্ৰীকতাক ৰক্ষনাবেক্ষণকাৰীও।
এই পৰামৰ্শৰ অৰ্থ এয়াই যে তেওলোকে অজান্তেই নিজৰ মনতো পুহি ৰাখিছে যে নাৰী সকল আচলতে (By Default) দুৰ্বল আৰু নাৰী সকলক সবল বা শক্তিশালী হবলৈ অতিৰিক্ত ভাৱে কিবা অস্ত্ৰ লগত ৰাখিব লাগিব নাইবা সমৰ কলা শিকিব লাগিব । সেই ল’ৰা কেইজন অস্ত্ৰ ধাৰী নহওক, সমৰ কলাও নাজানক কিন্তু যিহেতু তেওলোক দুষ্ট পুৰুষ সেইকেইজনৰ পৰা ৰক্ষা পবলৈ ‘দুৰ্বল নাৰী’ য়ে অস্ত্ৰ লব লাগিব । (কিন্তু ল’ৰা কেইজন যদি তাইতকৈ ও দাঙৰ অস্ত্ৰ লৈ আহে, নাইবা সমৰ কলাত তাইতকৈও পাৰ্গত হয়?)
এইদৰে পুৰুষতান্ত্ৰীকতাৰ সমস্যাটোক শাৰিৰীক শক্তিৰ সমস্যালৈ অৱনমিত কৰি পুৰুষতান্ত্ৰীকতাক ৰক্ষণাবেক্ষন দিয়া হে হয় । সমস্যাটো কেৱল কেইজন মান উদন্দ ল’ৰাৰ অসভ্যালিয়েই নহয় । এই কথাও সমস্যা নহয় নে যে ইমান দিনে বহু ছোৱালীয়েই মনে মনে আছিল ? তাৰে বহুতকেই হয়তো সৰুৰ পৰাই মক দেউতাকেই শিকাইছিল “এইবোৰ কথাত লাগি থাকিব নালাগে”, “কিবা কৈ নিজক বচাই ৰাখি চলি থাকিব লাগে” “ ছোৱালী হলে এইবোৰ থাকেই” ইত্যাদি ইত্যাদি । সমস্যাটো এই কথাও নহয়নে যে ঘৰত দেৰিকৈ গ’লে মাক দেউতাকে গালি শপনি পাৰে? আৰু দিনে ৰাতি টি ভিৰ চিৰিয়েল বোৰে যে মা দেউতা হতক শিকায় থাকে “আদৰ্শ বোৱাৰী” আৰু “ভাল ছোৱালী” সেই সকল হে যি সময় মতে ঘৰত আহে, এই চিৰিয়েল বোৰ সমস্যা নহয় নে? আৰু সেই হিন্দী চিনেমা বোৰ যি সেই উদ্বন্দ ল’ৰা বোৰক শিকাইছে ‘না মে তো হা হোতা হে ত্বত্ত্ব’ ?? আমাৰ সমাজত বেছি ভাগ পুৰুষতান্ত্ৰীক কাম মৰমৰ চলেৰেও কৰোৱা হয় ‘I love you, Now give me a cup of tea’ ধৰণেৰে । ইয়াৰে কাক কাক চুৰিৰে আঘাত কৰিব বা চকুত জলকীয়া গুৰি পেলাব? অপৰাধী কেইজন অহাকালি ধৰা পৰি শাস্তি হলেও কিন্তু উক্ত প্ৰশ্ন বোৰ ৰৈ যাব । এই প্ৰত্যেক টো প্ৰশ্নই সামাজিক প্ৰশ্ন । আৰু সেই সুত্ৰে ৰাজনৈতিকো ।
অপৰাধী কেইজনে শাস্তি নিশ্চয় পাব লাগে । কোনোবা ছোৱালীয়ে আত্মৰক্ষাৰ বাবে সমৰ কলা শিকাতো আপত্তিজনক একো নাই । কিন্তু মৌলিক কথাটো হ’ল সকলো নাৰীৰ মনতে সাহসৰ সৃষ্টি কৰা । নাৰী ৰুপে নিজৰ সন্মান ৰক্ষাৰ সাহস, তাত কৈ ও উৰ্দ্ধত মানুহ হিচাপে যিকোনো অত্যাচাৰ নিৰৱে সহ্য নকৰাৰ সাহস । মানুহৰ মনলৈ এই সাহস আহে সংগঠিত হলেহে ।
হয়টো প্ৰতিজনী ছোৱালীয়েই সন্ধিয়া ৬/৭ তাৰ পিছত ঘৰ সোমালে মাকৰ ৰঙা চকুৰ সন্মুখিন হব লগীয়া হয় । কিন্তু কালি হয়টো দিনটো যোৰহাট চহৰৰ বুকু আৰু ডি চি অফিচৰ মচনদ কপাই ঘৰ সোমাওতে যদি কোনোবা জনী ছোৱালীৰ ৮ টা ও বাজি গৈছে পথৰ ধুলি বালিৰে হয়টো কোনোবা জনীৰ চকু ৰঙা পৰি আছিল কিন্তু মাকৰ চকু অলপ হলেও গৰ্ব বোধ আছিল তেওঁ জীৱন ভৰ যি সাহস গোটাব নোৱাৰিলে জীয়েকে কৰি দেখুৱালে । শুভ লক্ষ্মী আৰু এই আন্দোলনৰ সফলতা সেই খিনিত ।


সত্ৰাধিঅকাৰৰ ব্ৰাহ্মণ্যবাদ  


কোনোবা সত্ৰাধিকাৰে হেনো কৈছে অসমৰ উচ্চজাতিৰ ল'ৰা ছোৱালীয়ে নিম্নজাতিৰ ল'ৰা বা ছোৱালীৰ লগত বিয়া হব নালাগে । বাৰু "এক শৰণ ভাগৱত" ধৰ্মী সকলৰ "বহু শৰণ ভাগৱত" ধৰ্মলৈ এই যাত্ৰা যে নাগপুৰৰ গেৰুৱা বাটৱৰেই হৈছে বুজাই গৈছে । পিছে মহাশয়ে উচ্চজাতি মানে কাক বা বুজালে । বোধ হয় ব্ৰাহ্মণ খিনিকেই কৈছে । পিছে কোন খিনি ব্ৰাহ্মণ বা ? মানে বামুনৰো ভাগ আছে নহয় । অসমত ব্ৰাহ্মণ সকলৰ মুল উৎস দুটা । ১, আহোম ৰজাই হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পিছত মন্দিৰ বোৰত পুজা পাৰ্বন কৰিবৰ বাবে বৰ্তমানৰ উত্তৰ ভাৰতৰ পৰা ব্ৰাহ্মণ আমদানি কৰিছিল । এওলোকৰ উত্তৰসুৰী সকলৰ ঘৰত সাধাৰণতে বংশাৱলী এখন পোৱা যায় ২, ৰজা নৰণাৰায়নে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পিছত আহোম ৰাজ্য আক্ৰমণ কৰাৰ সময়ত আহোম সেনাপতিয়ে মানুহ কিছুমান ধৰি আনি গা ত 'ব' সুতাৰ লগুন পিন্ধাই যুদ্ধৰ একেবাৰে প্ৰথম শাৰিত গৰুৰ ওপৰত বহুৱাই পঠিয়াই দিছিল । গৰু আৰু ব্ৰাহ্মণ এটাকো মাৰিলে পাপ লাগিব বুলি নৰণাৰায়ণৰ সেনা যুদ্ধ এৰি গুছি গ'ল । পিছত চতুৰালি বুজি আকৌ আক্ৰমণ কৰিলে বাৰু । কিন্তু ইতিমধ্যে বামুন হোৱাৰ সুযোগ পাই সেই খিনি মানুহ নামনি অসমতে ৰৈ গ'ল । মানে অসম আক্ৰমণ কৰাৰ সময়তো বহুতে প্ৰাণৰ ভয়ত এইদৰে নকল বামুন হৈছিল বুলি শুনা যায় । গতিকে কোনো ব্ৰহ্মণৰ ঘৰত যদি বংশাৱলী নাই তেওঁলোক আচল বামুন হয়নে বুলি সন্দেহ এটা মনৰ ভিতৰতে কৰিব পাৰে ।
আনহাতে "মিশ্ৰ" আৰু "গোশ্বামী" উপাধিৰ বামুন খিনিক ধৰা হয় কুলিন ব্ৰাহ্মন বুলি । এওলোকে আনক শৰণ দিব পাৰে । এওলোকে মানুহ ঢুকালে দহা কাজ নকৰে । আনহাতে শৰ্মা, ভট্টচাৰ্য আদি উপাধিৰ খিনি হ'ল তেওঁলোকতকৈ সামান্য নিম্ন খাপৰ ।
এওলোকে দহা কাজ কৰে । এতিয়াও ধৰ্মান্ধ কোনো কুলিন ব্ৰাহ্মণৰ ঘৰৰ অইন ব্ৰাহ্মণৰ সৈতে বৈবাহিক সম্পৰ্ক স্থাপন কৰাৰ সময়ত "দহা কৰা বামুন নে নকৰা" এই প্ৰশ্ন উত্থাপিত হয় । আকৌ নামনিৰ বামুনে মুৰ্গি মাংস নাখায় । খালে অসুচি হোৱা বুলি ভাবে । উজনিৰ বামুনে খায় ।
আকৌ অসমৰ কেইবাটাও OBC স্বিকৃতীপ্ৰাপ্ত জনগোষ্ঠীৰো নিজশ্ব বামুন আছে । যেনে নাথ সকলৰ নিজস্ব বামুন আছে । বামুন হলেও OBC । এতিয়া এই অ' বি চি বামুনৰ লগত দহা নকৰা বামুনৰ বিয়া হব পাৰিবনে অলপ স্পষ্ট কৰি দিলে ভাল আছিল ।
By the way যাজ্ঞবল্ক ঋষিৰ শাস্ত্ৰৰ মতে হেনো বামুন সি যি জ্ঞান অৰ্জন বিতৰণ আৰু চৰ্চা কৰে । গতিকে শিক্ষক অৰু গৱেষক সকলহে বামুন । কায়িক শ্ৰম (চাকৰি )কৰা সকল সুদ্ৰ । ব্যৱসায় কৰা সকল বৈশ্য । জাতি জন্ম মতে নহয় কৰ্ম মতেহে । সেইবাবেই বিশ্বামিত্ৰ ও ব্ৰাহ্মণ হব পাৰিছিল । গতিকে নিজে বামুন বামুন বুলি কোনোবাই চেলবেলায় থাকিলে এই প্ৰশ্ন সোধা উচিত তেখেতে কৰে কি ? যদি চাকৰি বা ব্যৱসায় হে কৰে তেও কেনেকৈ বামুন হল ?
বিঃ দ্ৰঃ মই ব্ৰাহ্মণ নহয় । মই একমাত্ৰ মানুহ । জীৱনত যদি ভালকৈ "মানুহ" হব পাৰো সেয়াই যথেষ্ট ।

Wednesday, 8 February 2017





Since, September 2016, Assam government has been evicting mostly erosion induced IDPs living in char-chapori and government lands . The government has so far evicted at least 20,886 number of people without any compensation and rehabilitation. 




Download Link  





This brief note is a small extraction from a upcoming book  on social history and contemporary political, social and economic crisis of  Char Chapori dwellers of Assam. 







This Note or any part of it should not be used without referring the authors. 




Saturday, 29 August 2015



চৰ অঞ্চলৰ শৈক্ষিক অৱস্থা

অংশুমান শৰ্মা

ব্ৰহপুত্ৰ নদী আৰু কেইবা খনো উপনৈৰ বুকুত  সিচৰিত হৈ আছে চৰ আৰু ছাপৰি অঞ্চল । ১৪ খন জিলাৰ ২২৫১ খন গাও আৰু ২৯৯ খন পঞ্চায়ত সাঙুৰি লোৱা এই চৰ অঞ্চলৰ মুঠ মাটিকালি ৩৬০৮ বৰ্গ কিলোমিটাৰ। অৰ্থাৎ অসমৰ মুঠ মাটিকালিৰ ৪,৬% । অসমৰ শদিয়াৰ পৰা ধুবুৰি লৈ সিচৰিত হৈ থকা এই চৰ অঞ্চল সমুহৰ অসমৰ অৰ্থনীতি আৰু বানিজ্য লৈ উল্লেখনীয় অৱদান থাকিলেও, স্বাধীনতাৰ আগৰে পৰা চৰবাসীয়ে সম্পুৰ্ন নিষ্ঠা সহকাৰে নিজকে অসমীয়া বুলি পৰিচয় দি আহিলেও আজিও চৰ আৰু চৰবাসী কেৱল মুল ভু খন্দৰ  পৰা বিচ্ছিন্নই নহয়, সামাজিক ভাৱে উপেক্ষিত, ৰাজনৈতিক ভাৱে প্ৰৱঞ্চিত আৰু অৰ্থ্নৈতিক ভাৱে অত্যন্ত দুৰ্দশাগ্ৰস্থ। ২০০২-০৩ চনত ছৰৰ জনস্ংখ্যা ২৫ লাখ । ইয়াৰে ৬৮% লোকেই দৰিদ্ৰ সীমাৰেখাৰ তলত (BPL) ।
The Assam State Char Areas Development Authority   আৰু Directorate of Char Area Development এ ১৯৯২-৯৩ আৰু ২০০২-০৩ চনত চৰ অঞ্চলৰ বাবে সুকীয় সমীক্ষা চলায় ।  কিন্তু ২০০৩ চনৰপিছত চৰ অঞ্চলৰ বিষয়ে সুকিয়াকৈ কোনো তথ্য পোৱা নযায়। কিন্তু এই দুটা সমীক্ষাৰ পৰা চৰ অঞ্চলৰ শিক্ষাৰ বিষয়ে যি গম পোৱা যায় সেয়া ভয়ানক।
চৰ অঞ্চলৰ স্বাক্ষৰতাৰ হাৰ     
জিলা
চৰৰ সংখ্যা
স্বাক্ষৰতাৰ হাৰ ১৯৯২-৯৩
স্বাক্ষৰতাৰ হাৰ ২০০২-০৩
দৰ্ং
১৩৪
১০।১২
১২,৩৪
বৰপেটা
২৭৭
১২,৯০
১৭,৬৩
কামৰুপ
১৭৫
১৬,৮৫
১৫,১৬
নলবাৰী
৩২
৭,৯০
১৬,২৪
বঙাইগাও
১১৭       
১২,৮৫
১২,৪৬
গোৱালপাৰা
১৭৯
৮,৩৮
১৩,৬৫
ধুবৰি
৪৮০
১৯,০৬
১৪,৬০
মৰিগাও৺
৩৯
৮,০২
১৮,৫০
নগাও৺
৪৩
৯,৪৪
১৭,৫৯
ধেমাজি
১৪৯
১৪,৪৪
১৫,৬৯
লক্ষিমপুৰ
১০৯
১৪,০১
১৮,৫০
ৰ্সোনিতপুৰ
১৪৫
১২,৬৩
১৬,৯৩
টিনচুকিয়া
৭৯
১৪,২০
১৪,০০
যোৰহাট
২৯৩
৩১,৯০
৬০,৫৫





যদিও সামগ্ৰিক ভাৱে চৰ অঞ্চলত স্বাক্ষৰতাৰ হাৰ ১৯৯২-৯৩ আৰু ২০০২-২৩ ৰ ভিতৰত ১৫,৪৫ % ৰ পৰা ১৯,৩১% লৈ বৃদ্ধি হৈছে এই হাৰ অসমৰ ২০০১ চনৰ স্বাক্ষৰতাৰ হাৰ ৬৩,২৫% ত কৈ বহু কম। আনকি সেই সময়ত গ্ৰাম্য অসমৰ স্বক্ষৰতাৰ হাৰ আছিল ৫৪,৩১% । যদি চৰ অঞ্চল বৃস্তিত হৈ থকা ৫৯ টা উন্নয়ন খণ্ড একেলগে অৱস্থিত হ’ল হেতেন তেন্তে সেয়া হ’ল হেতেন ভাৰতৰ আটাইতকৈ অশিক্ষিত ভৌগলিক অঞ্চল । কিয়নো ২০০১ চনৰ লোকপীয়ল মতে ভাৰতৰ আটাইতকৈ অশিক্ষিত জিলা আছিল ছত্তিচগঢ়ৰ বিজাপুৰ জিলা, স্বাক্ষৰতাৰ হাৰ ৩০,৩৫% । চৰ অঞ্চলৰ স্বাক্ষৰতাৰ হাৰ তাতকৈ বহু কম। গতিকে চৰ অঞ্চলেই ভাৰতৰ আটাইতকৈ নিম্ন স্বাক্ষৰ ভৌগলিক অঞ্চল।  বিগত ১৫ টা বছৰত চৰ অঞ্চলৰ শৈক্ষিক অৱস্থাৰ বিশেষ কিবা নাটকিয় পৰিৱৰ্তন হৈছে তেনে কথা কব নোৱাৰি । কিয়নো ২০১১ চনৰ লোকপিয়ল মতে অসমৰ ভিতৰত ধুবুৰি জিলাতেই স্বাক্ষৰতাৰ হাৰ আটাইতকৈ কম, আৰু ধুবুৰিয়েই হল আটাইতকৈ চৰ অধ্যুষিত জিলা । [1]
২০০১ চনত অসমৰ স্বাক্ষৰতাৰ হাৰ আছিল ৬৩,২৫% । ২০১১ চনত ৭৩,১৮ % । অৰ্থাৎ এই দহ বছৰত স্বাক্ষৰতা বৃদ্ধি হৈছে প্ৰায় ১০% । আমি যদি চৰ অঞ্চলতো একেই হাৰত স্বাক্ষৰতাৰ হাৰ বৃদ্ধি হোৱা বুলি ধৰি লও তেন্তে ২০১১ চনত অসমৰ চৰ অঞ্চলৰ স্বাক্ষৰতাৰ হাৰ হব খুব বেছি ২৯% । অথচ ২০১১ চনৰ লোকপিয়ল মতে ভাৰতৰ আটাইতকৈ কম স্বাক্ষৰ জিলা খন হল ৩৬,১০% স্বাক্ষৰতাৰ হাৰ থকা মধ্যপ্ৰদেশৰ আলিৰাজপুৰ জিলা । গতিকে এতিয়াও খুব সম্ভবত চৰ অঞ্চলেই ভাৰতৰ আটাইতকৈ কম স্বাক্ষৰ ভৌগলিক অঞ্চল । কিন্তু তাতকৈও ভয়ানক কথা হল ১৯৯২-৯৩ আৰু ২০০২-০৩ চনৰ ভিতৰত চাৰি খন জিলাৰ চৰ অঞ্চলত স্বাক্ষৰতাৰ হাৰ হ্ৰাস হৈছে। ওপৰৰ তালিকাত কামৰুপ, বঙাইগাও, টিনচুকিয়া আৰু ধুবুৰি জিলাৰ পৰিস্ংখ্যালৈ মন কৰক। স্বক্ষৰতাৰ হাৰত কোনো ঠাই আন ঠাইতকৈ পিছ পৰি থাকিব পাৰে, পৃথিৱীৰ বহু ঠাইয়ে এইদৰে পিছপৰা । কিন্তু কোনো অঞ্চলত স্বাক্ষৰ লোকৰ হাৰ বছৰে বছৰে কমি অহা অতি বিৰল ঘটনা। পৃথিৱীৰ আন কোনো ঠাইত এনে হোৱা বুলি এতিয়ালৈ জনা নযায়।                                                     
২০০২-০৩ চনত হোৱা অন্তিমটো চৰ অঞ্চলৰ লোকপিয়ল মতে অসমৰ চৰ সমুহত মুঠ  ১৮৫২ খন প্ৰাথমিক বিদ্যালয়, ৫৭৪ খন মাধ্যমিক, ২১৮ খন উচ্চ-মাধ্যমিক ৮ খন উচ্চতৰ মাধ্যমিক আৰু ১৮ খন মহাবিদ্যালয় ( অপ্ৰাদেশিকৃত মহাবিদ্যালয়কে ধৰি) আছে। সেই সময়ত চৰ অঞ্চলত মানুহ আছিল ২৫ লাখ। অৰ্থাৎ গঢ়ে প্ৰতি ১০০০ মানুহৰ বাবে এখনকৈও প্ৰাথমিক বিদ্যালয় নপৰেগৈ । মধ্য বা উচ্চতৰ মাধয়মিক বিদ্যালয়ৰ শিক্ষা যেন বিলাস মাত্ৰ । ২০০২-০৩ চনৰ পিছত, যোৱা ১৫ টা বছৰে এই ছবিৰ বিশেষ কিবা উন্নতি হৈছে বুলি কব নোৱাৰি। ।  কিয়নো এই খিনি সময়ত সমগ্ৰ অসমতে চৰকাৰী বিদ্যালয় বৃদ্ধিৰ হাৰ খুবেই কম। চৰ অধ্যুষিত জিলা বোৰতো একেই।
বিভিন্ন গৱেষকৰ অধ্যয়নৰ পৰা চৰ অঞ্চলৰ বিষয়ে কেইবাটাও গুৰুত্তপুৰ্ন কথা গম পোৱা যায়: (পৰিসখ্যাৰে ভাৰাক্ৰান্ত কৰিব বিচৰা নাই। গভিৰকৈ জানিব বিচৰা সকলে প্ৰসঙ্গ সুত্ৰত উল্লেখ কৰা পুঠী আৰু নথি বোৰ চাব পাৰে)
১। উক্ত  সকলোবোৰ স্বত্তেও চৰ অঞ্চলত অন্ত:ত যত বিদ্যালয় আছে তাত, প্ৰাথমিক পৰ্যায়ত নাম ভৰ্ত্তিৰ হাৰ আন বহু ঠাইত কৈ যথেষ্ট ভাল। কিন্তু সাধাৰণতে যিকোনো পিছপৰা অঞ্চলত ছোৱালীৰ “ড্ৰ্প আউট” ৰ হাৰ বেছি হোৱাৰ বিপৰিতে চৰ অঞ্চলত প্ৰাথমিক বা মাধ্যমিক পৰ্যায়ত ল’ৰাৰ “ড্ৰপ আউট”ৰ হাৰহে বেছি। আনকি ২০০৬ চনৰ পিছত, অৰ্থাৎ RTE ৰুপায়ন হোৱাৰ পিছত চৰ অঞ্চলৰ বিদ্যালয় বোৰত বিদ্যালয়ৰ সংখ্যা বৃদ্ধি নহলেও শিক্ষক নিয়োগ, বিদ্যালয় গৃহৰ উন্নতি, বিদ্যালয়ত  খোৱা পানীৰ ব্যৱস্থা আদিৰ কিছু উন্নতি হৈছে (অন্ত:ত চৰকাৰী তথ্য মতে)। কিন্তু তাৰ পিছতো এই ‘ড্ৰপ আউট’ৰ হাৰ কমা নাই। নিশ্চিত ভাবে ইয়াৰ কাৰণ হল দুৰ্বিষহ দাৰিদ্ৰ্তা।
৩। ছাত্ৰী “ড্ৰপ আউট”ৰ হাৰ বেছি উচ্চ বা উচ্চতৰ মাধ্যমিক পৰ্যায়ত। এজন গৱেষকৰ মতে অভিভাৱক সকলে ছোৱালী বোৰক তাতকৈ বেছিকৈ পঢ়িবলৈ নিদিয়াৰ অন্যতম কাৰণ হল তেওলোকক বিয়া দিবলৈ তাতকৈ শিক্ষিত লৰা পোৱা নযাব। এই তথ্য পৰিক্ষা কৰি চোৱা প্ৰয়োজন আছে যদিও, চৰ অঞ্চলৰ দৰে সামন্তিয় পৰিৱেশ বিৰাজমান ঠাইত মনুহৰ এনে মানসিকতা থকা আচৰিত কথা নহয়। ( উল্লেখ্য চৰ অঞ্চলৰ ৮০% মাটিৰ মালিক হল ১০% মানুহ, জনস্ংখ্যাৰ ৩০% ভুমিহীন খেতিয়ক)। হয়তো সেইবাবেই চৰ অঞ্চলৰ শিক্ষিত ছোৱালীৰ স্বাৱলম্বনৰ বাবে চৰ উন্নয়ন বিভাগে কিছু আচনিও লৈছিল। পিছে সেইবোৰৰ ৰুপায়ন চৰতেই হৈছে নে স্বৰ্গতেই হৈছে একো জনা নযায়। এই আচনি বোৰৰ সথিক ৰুপায়নৰ বাবে নিৰ্দিস্ত কত্তৃপক্ষক বাধ্য কৰোৱা যিকোনো প্ৰগতিশীল স্ংগঠনৰে কৰ্তব্য।
৪। চৰ অঞ্চলৰ শৈক্ষিক অনগ্ৰ্সৰতাৰ মুল কাৰণ হল জনসখ্যা অনুপাতে অপৰ্যাপ্ত শিক্ষানুষ্ঠান। ইয়াৰ বাবে চৰকাৰী অৱহেলাই মুল দায়ী। কিন্তু অইন এটা কথাও আছে। চৰ অঞ্চলৰ ভৌগলিক অৱস্থান। চৰৰ ভৌগলিক চৰিত্ৰয়ে হল এইবোৰ এঠাইতে স্থায়ী নহয়। গতিকে স্থায়ী বিদ্যালয় গৃহ নিৰ্মাণ কৰাও সমস্যা । এনে প্ৰাথমিক বিদ্যালয়ৰো খবৰ পোৱা যায় যি এতিয়ালৈ চাৰিবাৰ কৈ স্থানন্তৰ কৰা হৈছে। গতিকে চৰ অঞ্চলৰ ববে সুকীয়া শৈক্ষিক আন্ত:গাঠনি নিৰ্মাণ কৰা দৰকাৰ। যেনে চৰৰ ছাত্ৰ ছাত্ৰীৰ বাবে অনা-চৰ অঞ্চলত আৱাসিক বিদ্যালয় নিৰ্মাণ। জোৱাহৰ নৱোদয় বিদ্যালয় বা আন চৰকৰী আৱাসিক বিদ্যালয়ত চৰ অঞ্চলৰ লৰা-ছোৱালীৰ বাবে আসন সংৰক্ষণ আদি। নিশ্চিত ভাৱে এই সুকীয় আন্ত:গাঠ্নী নিৰ্মাণৰ বাবে সুকীয়াকৈ ধন আবন্টনৰো দৰ্কাৰ হব।
চৰম অশিক্ষা আৰু ব্যতিক্ৰমি ভৌগলিক অৱস্থানৰ ওপৰিও চৰবাসীৰ বাবে সুকীয় শৈক্ষিক আন্ত:গাঠনিৰ প্ৰয়োজনৰ আন এক সামাজিক কাৰণ আছে। সমস্ত চৰবাসীয়ে হল ধৰ্মীয় সংখ্যালঘুৰ দুখীয়া শ্ৰেণীৰ মানুহ। এও৺লোকৰ নিৰাপত্তাৰ ভয় সৰ্বত্ৰ বিৰাজমান । কথাই কথাই “বাংলাদেশী”, “বিদেশী” আদি অপবাদ মুৰ্পাতি লব লগীয়া হৈছে। অসম আন্দোলনৰ পৰৱৰ্ত্তি সময়ৰে পৰা আজিও এইবোৰ ঘটনা চলি আছে। অন্য সম্প্ৰ্দায়ৰ মানুহে কথাটো ভালকৈ বুজি নাপায়। এই সামাজিক বঞ্চনাৰ বিৰুদ্ধে যুজো সমানে গুৰুত্তপুৰ্ন।  

সংযোজন: চৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে থকা আচনি
১। বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে বিশেষ ধনৰ আবন্টন
২। শিক্ষিত নিবনুৱাৰ বাবে কম্পিউটাৰ প্ৰশিক্ষণৰ আচনি
৩। শিক্ষিত ছোৱালীৰ বাবে নাৰ্ছ আৰু চিলায় প্ৰশিক্ষণৰ আচনি
তাৰোপৰি সখ্যালঘু উন্নয়নৰ বাবে থকা সকলো আচনি চৰ অঞ্চলতো প্ৰযোজ্য হব।
প্ৰসঙ্গ সুত্ৰ:
1.      Gorky Chakraborty. (2009). Assam's Hinerland . New Delhi: Akansha Publishing House
2.      Agnihotri, S. K., & Ray, B. D. (2002). Perspective of Security and development in North East India . Concept Publishing Company .
3.      Bokth, H. (2014). social life of Char Areas: A Study of Neo-Assamese Muslim Village In Brahmaputra Valley of Assam. International Journal of Development research , 4 (12), 2840-2844.
4.      Manoj Goswami (2014), Char Settlers of Assam: A Demographic Study, MRB
Publishers, Guwahati
    ৫। অসমৰ বংগ্মুলীয় ধৰ্মীয় সংখ্যালঘুৰ প্ৰগতিৰ পথ, তৰিফ ভুঞা, নতুন পৃথিৱী, ফেব্ৰুৱাৰী-মে, ২০০৮


                                                                                                    




[1] ধুবুৰি জিলাৰ ৭৪% মানুহেই সংখ্যালঘু সম্প্ৰদায়ৰ । ১১৩৮ খন ৰাজহ গাও৺ থকা জিলা খনত চৰৰ সংখ্যা হল ৪৮০ । 

Remembering Hijam Irabot Singh              Hijam Irabot was a promethean figure of Manipur who was a foremost cultural persona...