চৰ অঞ্চলৰ শৈক্ষিক অৱস্থা
অংশুমান শৰ্মা
ব্ৰহপুত্ৰ নদী আৰু কেইবা খনো উপনৈৰ বুকুত সিচৰিত হৈ আছে চৰ আৰু ছাপৰি অঞ্চল । ১৪ খন জিলাৰ
২২৫১ খন গাও আৰু ২৯৯ খন পঞ্চায়ত সাঙুৰি লোৱা এই চৰ অঞ্চলৰ মুঠ মাটিকালি ৩৬০৮ বৰ্গ কিলোমিটাৰ।
অৰ্থাৎ অসমৰ মুঠ মাটিকালিৰ ৪,৬% । অসমৰ শদিয়াৰ পৰা ধুবুৰি লৈ সিচৰিত হৈ থকা এই চৰ অঞ্চল
সমুহৰ অসমৰ অৰ্থনীতি আৰু বানিজ্য লৈ উল্লেখনীয় অৱদান থাকিলেও, স্বাধীনতাৰ আগৰে পৰা
চৰবাসীয়ে সম্পুৰ্ন নিষ্ঠা সহকাৰে নিজকে অসমীয়া বুলি পৰিচয় দি আহিলেও আজিও চৰ আৰু চৰবাসী
কেৱল মুল ভু খন্দৰ পৰা বিচ্ছিন্নই নহয়, সামাজিক
ভাৱে উপেক্ষিত, ৰাজনৈতিক ভাৱে প্ৰৱঞ্চিত আৰু অৰ্থ্নৈতিক ভাৱে অত্যন্ত দুৰ্দশাগ্ৰস্থ।
২০০২-০৩ চনত ছৰৰ জনস্ংখ্যা ২৫ লাখ । ইয়াৰে ৬৮% লোকেই দৰিদ্ৰ সীমাৰেখাৰ তলত (BPL) ।
The Assam State Char Areas Development
Authority আৰু
Directorate of Char Area Development এ ১৯৯২-৯৩ আৰু ২০০২-০৩ চনত চৰ অঞ্চলৰ বাবে সুকীয়
সমীক্ষা চলায় । কিন্তু ২০০৩ চনৰপিছত চৰ অঞ্চলৰ
বিষয়ে সুকিয়াকৈ কোনো তথ্য পোৱা নযায়। কিন্তু এই দুটা সমীক্ষাৰ পৰা চৰ অঞ্চলৰ শিক্ষাৰ
বিষয়ে যি গম পোৱা যায় সেয়া ভয়ানক।
চৰ অঞ্চলৰ স্বাক্ষৰতাৰ হাৰ
জিলা
|
চৰৰ সংখ্যা
|
স্বাক্ষৰতাৰ হাৰ ১৯৯২-৯৩
|
স্বাক্ষৰতাৰ হাৰ ২০০২-০৩
|
দৰ্ং
|
১৩৪
|
১০।১২
|
১২,৩৪
|
বৰপেটা
|
২৭৭
|
১২,৯০
|
১৭,৬৩
|
কামৰুপ
|
১৭৫
|
১৬,৮৫
|
১৫,১৬
|
নলবাৰী
|
৩২
|
৭,৯০
|
১৬,২৪
|
বঙাইগাও
|
১১৭
|
১২,৮৫
|
১২,৪৬
|
গোৱালপাৰা
|
১৭৯
|
৮,৩৮
|
১৩,৬৫
|
ধুবৰি
|
৪৮০
|
১৯,০৬
|
১৪,৬০
|
মৰিগাও৺
|
৩৯
|
৮,০২
|
১৮,৫০
|
নগাও৺
|
৪৩
|
৯,৪৪
|
১৭,৫৯
|
ধেমাজি
|
১৪৯
|
১৪,৪৪
|
১৫,৬৯
|
লক্ষিমপুৰ
|
১০৯
|
১৪,০১
|
১৮,৫০
|
ৰ্সোনিতপুৰ
|
১৪৫
|
১২,৬৩
|
১৬,৯৩
|
টিনচুকিয়া
|
৭৯
|
১৪,২০
|
১৪,০০
|
যোৰহাট
|
২৯৩
|
৩১,৯০
|
৬০,৫৫
|
যদিও সামগ্ৰিক ভাৱে চৰ অঞ্চলত স্বাক্ষৰতাৰ হাৰ ১৯৯২-৯৩
আৰু ২০০২-২৩ ৰ ভিতৰত ১৫,৪৫ % ৰ পৰা ১৯,৩১% লৈ বৃদ্ধি হৈছে এই হাৰ অসমৰ ২০০১ চনৰ স্বাক্ষৰতাৰ
হাৰ ৬৩,২৫% ত কৈ বহু কম। আনকি সেই সময়ত গ্ৰাম্য অসমৰ স্বক্ষৰতাৰ হাৰ আছিল ৫৪,৩১% ।
যদি চৰ অঞ্চল বৃস্তিত হৈ থকা ৫৯ টা উন্নয়ন খণ্ড একেলগে অৱস্থিত হ’ল হেতেন তেন্তে সেয়া
হ’ল হেতেন ভাৰতৰ আটাইতকৈ অশিক্ষিত ভৌগলিক অঞ্চল । কিয়নো ২০০১ চনৰ লোকপীয়ল মতে ভাৰতৰ
আটাইতকৈ অশিক্ষিত জিলা আছিল ছত্তিচগঢ়ৰ বিজাপুৰ জিলা, স্বাক্ষৰতাৰ হাৰ ৩০,৩৫% । চৰ অঞ্চলৰ
স্বাক্ষৰতাৰ হাৰ তাতকৈ বহু কম। গতিকে চৰ অঞ্চলেই ভাৰতৰ আটাইতকৈ নিম্ন স্বাক্ষৰ ভৌগলিক
অঞ্চল। বিগত ১৫ টা বছৰত চৰ অঞ্চলৰ শৈক্ষিক
অৱস্থাৰ বিশেষ কিবা নাটকিয় পৰিৱৰ্তন হৈছে তেনে কথা কব নোৱাৰি । কিয়নো ২০১১ চনৰ লোকপিয়ল
মতে অসমৰ ভিতৰত ধুবুৰি জিলাতেই স্বাক্ষৰতাৰ হাৰ আটাইতকৈ কম, আৰু ধুবুৰিয়েই হল আটাইতকৈ
চৰ অধ্যুষিত জিলা । [1]
২০০১ চনত অসমৰ স্বাক্ষৰতাৰ হাৰ
আছিল ৬৩,২৫% । ২০১১ চনত ৭৩,১৮ % । অৰ্থাৎ এই দহ বছৰত স্বাক্ষৰতা বৃদ্ধি হৈছে প্ৰায়
১০% । আমি যদি চৰ অঞ্চলতো একেই হাৰত স্বাক্ষৰতাৰ হাৰ বৃদ্ধি হোৱা বুলি ধৰি লও তেন্তে
২০১১ চনত অসমৰ চৰ অঞ্চলৰ স্বাক্ষৰতাৰ হাৰ হব খুব বেছি ২৯% । অথচ ২০১১ চনৰ লোকপিয়ল মতে
ভাৰতৰ আটাইতকৈ কম স্বাক্ষৰ জিলা খন হল ৩৬,১০% স্বাক্ষৰতাৰ হাৰ থকা মধ্যপ্ৰদেশৰ আলিৰাজপুৰ
জিলা । গতিকে এতিয়াও খুব সম্ভবত চৰ অঞ্চলেই ভাৰতৰ আটাইতকৈ কম স্বাক্ষৰ ভৌগলিক অঞ্চল
। কিন্তু তাতকৈও ভয়ানক কথা হল ১৯৯২-৯৩ আৰু ২০০২-০৩ চনৰ ভিতৰত চাৰি খন জিলাৰ চৰ অঞ্চলত
স্বাক্ষৰতাৰ হাৰ হ্ৰাস হৈছে। ওপৰৰ তালিকাত কামৰুপ, বঙাইগাও, টিনচুকিয়া আৰু ধুবুৰি জিলাৰ
পৰিস্ংখ্যালৈ মন কৰক। স্বক্ষৰতাৰ হাৰত কোনো ঠাই আন ঠাইতকৈ পিছ পৰি থাকিব পাৰে, পৃথিৱীৰ
বহু ঠাইয়ে এইদৰে পিছপৰা । কিন্তু কোনো অঞ্চলত স্বাক্ষৰ লোকৰ হাৰ বছৰে বছৰে কমি অহা
অতি বিৰল ঘটনা। পৃথিৱীৰ আন কোনো ঠাইত এনে হোৱা বুলি এতিয়ালৈ জনা নযায়।
২০০২-০৩ চনত হোৱা অন্তিমটো চৰ
অঞ্চলৰ লোকপিয়ল মতে অসমৰ চৰ সমুহত মুঠ ১৮৫২
খন প্ৰাথমিক বিদ্যালয়, ৫৭৪ খন মাধ্যমিক, ২১৮ খন উচ্চ-মাধ্যমিক ৮ খন উচ্চতৰ মাধ্যমিক
আৰু ১৮ খন মহাবিদ্যালয় ( অপ্ৰাদেশিকৃত মহাবিদ্যালয়কে ধৰি) আছে। সেই সময়ত চৰ অঞ্চলত
মানুহ আছিল ২৫ লাখ। অৰ্থাৎ গঢ়ে প্ৰতি ১০০০ মানুহৰ বাবে এখনকৈও প্ৰাথমিক বিদ্যালয় নপৰেগৈ
। মধ্য বা উচ্চতৰ মাধয়মিক বিদ্যালয়ৰ শিক্ষা যেন বিলাস মাত্ৰ । ২০০২-০৩ চনৰ পিছত, যোৱা
১৫ টা বছৰে এই ছবিৰ বিশেষ কিবা উন্নতি হৈছে বুলি কব নোৱাৰি। । কিয়নো এই খিনি সময়ত সমগ্ৰ অসমতে চৰকাৰী বিদ্যালয়
বৃদ্ধিৰ হাৰ খুবেই কম। চৰ অধ্যুষিত জিলা বোৰতো একেই।
বিভিন্ন গৱেষকৰ অধ্যয়নৰ পৰা চৰ
অঞ্চলৰ বিষয়ে কেইবাটাও গুৰুত্তপুৰ্ন কথা গম পোৱা যায়: (পৰিসখ্যাৰে ভাৰাক্ৰান্ত কৰিব
বিচৰা নাই। গভিৰকৈ জানিব বিচৰা সকলে প্ৰসঙ্গ সুত্ৰত উল্লেখ কৰা পুঠী আৰু নথি বোৰ চাব
পাৰে)
১। উক্ত সকলোবোৰ স্বত্তেও চৰ অঞ্চলত অন্ত:ত যত বিদ্যালয় আছে
তাত, প্ৰাথমিক পৰ্যায়ত নাম ভৰ্ত্তিৰ হাৰ আন বহু ঠাইত কৈ যথেষ্ট ভাল। কিন্তু সাধাৰণতে
যিকোনো পিছপৰা অঞ্চলত ছোৱালীৰ “ড্ৰ্প আউট” ৰ হাৰ বেছি হোৱাৰ বিপৰিতে চৰ অঞ্চলত প্ৰাথমিক
বা মাধ্যমিক পৰ্যায়ত ল’ৰাৰ “ড্ৰপ আউট”ৰ হাৰহে বেছি। আনকি ২০০৬ চনৰ পিছত, অৰ্থাৎ RTE
ৰুপায়ন হোৱাৰ পিছত চৰ অঞ্চলৰ বিদ্যালয় বোৰত বিদ্যালয়ৰ সংখ্যা বৃদ্ধি নহলেও শিক্ষক নিয়োগ,
বিদ্যালয় গৃহৰ উন্নতি, বিদ্যালয়ত খোৱা পানীৰ
ব্যৱস্থা আদিৰ কিছু উন্নতি হৈছে (অন্ত:ত চৰকাৰী তথ্য মতে)। কিন্তু তাৰ পিছতো এই ‘ড্ৰপ
আউট’ৰ হাৰ কমা নাই। নিশ্চিত ভাবে ইয়াৰ কাৰণ হল দুৰ্বিষহ দাৰিদ্ৰ্তা।
৩। ছাত্ৰী “ড্ৰপ আউট”ৰ হাৰ বেছি
উচ্চ বা উচ্চতৰ মাধ্যমিক পৰ্যায়ত। এজন গৱেষকৰ মতে অভিভাৱক সকলে ছোৱালী বোৰক তাতকৈ বেছিকৈ
পঢ়িবলৈ নিদিয়াৰ অন্যতম কাৰণ হল তেওলোকক বিয়া দিবলৈ তাতকৈ শিক্ষিত লৰা পোৱা নযাব। এই
তথ্য পৰিক্ষা কৰি চোৱা প্ৰয়োজন আছে যদিও, চৰ অঞ্চলৰ দৰে সামন্তিয় পৰিৱেশ বিৰাজমান ঠাইত
মনুহৰ এনে মানসিকতা থকা আচৰিত কথা নহয়। ( উল্লেখ্য চৰ অঞ্চলৰ ৮০% মাটিৰ মালিক হল ১০%
মানুহ, জনস্ংখ্যাৰ ৩০% ভুমিহীন খেতিয়ক)। হয়তো সেইবাবেই চৰ অঞ্চলৰ শিক্ষিত ছোৱালীৰ স্বাৱলম্বনৰ
বাবে চৰ উন্নয়ন বিভাগে কিছু আচনিও লৈছিল। পিছে সেইবোৰৰ ৰুপায়ন চৰতেই হৈছে নে স্বৰ্গতেই
হৈছে একো জনা নযায়। এই আচনি বোৰৰ সথিক ৰুপায়নৰ
বাবে নিৰ্দিস্ত কত্তৃপক্ষক বাধ্য কৰোৱা যিকোনো প্ৰগতিশীল স্ংগঠনৰে কৰ্তব্য।
৪। চৰ অঞ্চলৰ শৈক্ষিক অনগ্ৰ্সৰতাৰ
মুল কাৰণ হল জনসখ্যা অনুপাতে অপৰ্যাপ্ত শিক্ষানুষ্ঠান। ইয়াৰ বাবে চৰকাৰী অৱহেলাই মুল
দায়ী। কিন্তু অইন এটা কথাও আছে। চৰ অঞ্চলৰ ভৌগলিক অৱস্থান। চৰৰ ভৌগলিক চৰিত্ৰয়ে হল
এইবোৰ এঠাইতে স্থায়ী নহয়। গতিকে স্থায়ী বিদ্যালয় গৃহ নিৰ্মাণ কৰাও সমস্যা । এনে প্ৰাথমিক
বিদ্যালয়ৰো খবৰ পোৱা যায় যি এতিয়ালৈ চাৰিবাৰ কৈ স্থানন্তৰ কৰা হৈছে। গতিকে চৰ অঞ্চলৰ ববে সুকীয়া শৈক্ষিক আন্ত:গাঠনি
নিৰ্মাণ কৰা দৰকাৰ। যেনে চৰৰ ছাত্ৰ ছাত্ৰীৰ বাবে অনা-চৰ অঞ্চলত আৱাসিক বিদ্যালয় নিৰ্মাণ।
জোৱাহৰ নৱোদয় বিদ্যালয় বা আন চৰকৰী আৱাসিক বিদ্যালয়ত চৰ অঞ্চলৰ লৰা-ছোৱালীৰ বাবে
আসন সংৰক্ষণ আদি। নিশ্চিত ভাৱে এই সুকীয় আন্ত:গাঠ্নী নিৰ্মাণৰ বাবে সুকীয়াকৈ ধন আবন্টনৰো
দৰ্কাৰ হব।
চৰম অশিক্ষা আৰু ব্যতিক্ৰমি ভৌগলিক
অৱস্থানৰ ওপৰিও চৰবাসীৰ বাবে সুকীয় শৈক্ষিক আন্ত:গাঠনিৰ প্ৰয়োজনৰ আন এক সামাজিক কাৰণ
আছে। সমস্ত চৰবাসীয়ে হল ধৰ্মীয় সংখ্যালঘুৰ দুখীয়া শ্ৰেণীৰ মানুহ। এও৺লোকৰ নিৰাপত্তাৰ
ভয় সৰ্বত্ৰ বিৰাজমান । কথাই কথাই “বাংলাদেশী”, “বিদেশী” আদি অপবাদ মুৰ্পাতি লব লগীয়া
হৈছে। অসম আন্দোলনৰ পৰৱৰ্ত্তি সময়ৰে পৰা আজিও এইবোৰ ঘটনা চলি আছে। অন্য সম্প্ৰ্দায়ৰ
মানুহে কথাটো ভালকৈ বুজি নাপায়। এই সামাজিক বঞ্চনাৰ বিৰুদ্ধে যুজো সমানে গুৰুত্তপুৰ্ন।
সংযোজন: চৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ
বাবে থকা আচনি
১। বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে
বিশেষ ধনৰ আবন্টন
২। শিক্ষিত নিবনুৱাৰ বাবে কম্পিউটাৰ
প্ৰশিক্ষণৰ আচনি
৩। শিক্ষিত ছোৱালীৰ বাবে নাৰ্ছ
আৰু চিলায় প্ৰশিক্ষণৰ আচনি
তাৰোপৰি সখ্যালঘু উন্নয়নৰ বাবে
থকা সকলো আচনি চৰ অঞ্চলতো প্ৰযোজ্য হব।
প্ৰসঙ্গ সুত্ৰ:
1.
Gorky
Chakraborty. (2009). Assam's Hinerland . New Delhi: Akansha Publishing
House
2.
Agnihotri, S. K.,
& Ray, B. D. (2002). Perspective of Security and development in North
East India . Concept Publishing Company .
3.
Bokth, H. (2014).
social life of Char Areas: A Study of Neo-Assamese Muslim Village In Brahmaputra
Valley of Assam. International Journal of Development research , 4
(12), 2840-2844.
4.
Manoj Goswami (2014), Char Settlers of Assam: A
Demographic Study, MRB
Publishers, Guwahati
৫। অসমৰ বংগ্মুলীয় ধৰ্মীয় সংখ্যালঘুৰ প্ৰগতিৰ পথ, তৰিফ ভুঞা, নতুন পৃথিৱী, ফেব্ৰুৱাৰী-মে,
২০০৮
[1]
ধুবুৰি জিলাৰ ৭৪% মানুহেই সংখ্যালঘু সম্প্ৰদায়ৰ ।
১১৩৮ খন ৰাজহ গাও৺ থকা জিলা খনত চৰৰ সংখ্যা হল ৪৮০ ।
Char is the most neglected geographical region in Assam. The char people in other parts of the country as well as in Bangladesh receive much better treatment from from the government as well as other stakeholders. Thanks for brining a vital issue to discussion.
ReplyDelete